Psalms 35

দায়ুদৰ ৰচিত গীত

1হে যিহোৱা, যিসকলে মোৰে সৈতে বিবাদ কৰে, তুমিও তেওঁলোকৰে সৈতে বিবাদ কৰা;
যিসকলে মোৰ বিৰুদ্ধে যুদ্ধ কৰে, তুমিও তেওঁলোকৰে বিৰুদ্ধে যুদ্ধ কৰা।
2তুমি ঢাল আৰু ফলক ধাৰণ কৰা, মোৰ সহায়ৰ অর্থে উঠা।
3মোৰ পাছে পাছে যিসকলে খেদি আহিছে, তুমি বৰছা আৰু যাঁঠি লৈ তেওঁলোকৰ পথ ৰুদ্ধ কৰা;
তুমি মোৰ প্রাণক কোৱা, “ময়েই তোমাৰ পৰিত্রাণ।”

4যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওঁক;

যিসকলে মোৰ সর্বনাশলৈ পৰিকল্পনা কৰে, তেওঁলোক উলটি যাওঁক, হতাশ হওঁক।
5তেওঁলোক বতাহৰ সন্মুখত উৰুৱাই নিয়া তুঁহৰ নিচিনা হওঁক; যিহোৱাৰ দূতে তেওঁলোকক খদি যাওঁক।
6তেওঁলোকৰ পথ অন্ধকাৰ আৰু পিছল হওঁক। যিহোৱাৰ দূতে তেওঁলোকৰ পাছে পাছে খেদি যাওঁক।

7কিয়নো তেওঁলোকে অকাৰণে মোৰ কাৰণে গাঁতত গুপুতে জাল পাতিলে; বিনা কাৰণতে মোৰ প্ৰাণ নাশৰ অৰ্থে গাঁত খান্দিলে।

8হঠাত তেওঁলোকৰ ওপৰলৈ বিনাশ আহঁক;
তেওঁলোকে গোপনে পতা নিজৰ জালত নিজেই ধৰা পৰক;
সেই বিনাশত তেওঁলোক পতিত হওঁক।

9তাতে মোৰ প্ৰাণ যিহোৱাত উল্লাসিত হব, তেওঁৰ পৰিত্ৰাণত আনন্দিত হব।

10মোৰ সকলো অস্থিয়ে কব, “হে যিহোৱা, তোমাৰ তুল্য কোন আছে?”
তুমিয়েই দুর্বলীক তেওঁতকৈ বলৱান জনৰ পৰা,
দুখী-দৰিদ্রক তেওঁলোকৰ লুন্ঠণকাৰীৰ পৰা উদ্ধাৰ কৰা।

11অত্যাচাৰী বিদ্বেষপৰায়ণ মিছা সাক্ষীবোৰ উঠিছে;

মই যি কথা নাজানো, তেওঁলোকে মোক সেই বিষয়ে সোধে।
12তেওঁলোকে উপকাৰৰ সলনি মোৰ অপকাৰ কৰে; তাতে মোৰ প্ৰাণ অনাথ হয়।

13কিন্তু মই হলে, তেওঁলোক নৰিয়া পৰা সময়ত চট কাপোৰ পিন্ধিছিলোঁ, লঘোনেৰে নিজৰ প্ৰাণক দুখ দিছিলো; মোৰ প্ৰাৰ্থনা মোৰ বুকুলৈকে উলটি আহিছিল।

14মোৰ নিজ ভাই বা নিজ বন্ধুৰ দৰেই তেওঁলোকৰ কাৰণে মই শোক প্রকাশ কৰিলো;
মই মাতৃহাৰাৰ দৰে শোকার্ত হৈ মূৰ তল কৰি ফুৰিলোঁ।

15কিন্তু মই যেতিয়া উজুটি খালো, তেতিয়া তেওঁলোক আনন্দিত হৈ একগোট হ’ল;

তেওঁলোক মোৰ বিৰুদ্ধে একগোট হ’ল;
মোৰ অজ্ঞাতে সেই অত্যাচাৰীসকলে মোক চূর্ণ কৰিলে, ক্ষান্ত হৈ নাথাকিল।
16তেওঁলোকে ভক্তিহীনভাৱে মোক বিদ্ৰূপ কৰিলে; তেওঁলোকে মোলৈ দাঁত কৰচে।

17হে প্ৰভু, তুমি কিমান কাললৈ চাই থাকিবা?

তেওঁলোকৰ ধ্বংস কার্যৰ পৰা মোক উদ্ধাৰ কৰা;
সিংহবোৰৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।
18মই মহা-সমাজত তোমাৰ ধন্যবাদ কৰিম; অসংখ্য লোকৰ মাজত তোমাৰ গুণ-প্ৰশংসা কৰিম।

19মোৰ বিশ্বাসঘাটক শত্রুবোৰক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা;

অকাৰণে যিসকলে মোক ঘৃণা কৰে, মোৰ বিৰুদ্ধে চকু টিপিয়াবলৈ নিদিবা।
20কিয়নো তেওঁলোকে শান্তিজনক কথা নকয়,
কিন্তু দেশত শান্তভাৱে বাস কৰা লোকসকসলৰ বিৰুদ্ধে তেওঁলোকে ছলনাভৰা কথা কল্পনা কৰে।

21মোৰ বিৰুদ্ধে তেওঁলোকে নিজ মুখ বহলকৈ মেলি কয়, “অহঃ অহঃ আমি নিজ চকুৰেই দেখিছো।”

22হে যিহোৱা তুমি এই সকলো দেখিছা, নিমাতে নাথাকিবা; হে প্ৰভু, তুমি মোৰ পৰা আঁতৰ নহবা!
23হে মোৰ ঈশ্বৰ যিহোৱা, জাগি উঠা, মোৰ পক্ষে সাৰ পোৱা; মোৰ কাৰণেই সাৰ পোৱা।

24হে মোৰ ঈশ্বৰ যিহোৱা, তোমাৰ ধাৰ্ম্মিকতা অনুসাৰে মোৰ বিচাৰ কৰা;

তেওঁলোকক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা।
25তেওঁলোকক মনত এই কথা কবলৈ নিদিবা, “অহঃ, আমাৰ অন্তৰে যি বিচাৰিছে, সেয়ে হৈছে।”
তেওঁলোকক কবলৈ নিদিবা, “আমি তেওঁক গ্ৰাস কৰিলোঁ।”
26মোৰ সঙ্কটত যিসকল আনন্দিত হয়, তেওঁলোক সকলোৱেই লজ্জিত হৈ বিহ্বল হওঁক;
যিসকলে মোৰ বিৰুদ্ধে নিজকে তুলি ধৰে, লাজ আৰু অপমান তেওঁলোকৰ বস্ত্ৰ হওঁক।

27যিসকলে মোৰ ধাৰ্ম্মিকতাত সন্তোষ পায়, তেওঁলোকে আনন্দ ধ্বনি কৰি উল্লাসিত হওঁক;

তেওঁলোকে সদায় কওঁক, “যিহোৱা মহান; যিহোৱাই নিজ দাসৰ মঙ্গলত আনন্দ পায়।”
তাতে মোৰ জিভাই তোমাৰ ধার্মিকতাৰ কথা কব;
ওৰে দিন তোমাৰ প্ৰশংসা কৰিব।
28

Copyright information for AsmULB